কমাৰগাঁৱত আছুৰ উদ্যোগত বিহু আৰু ঢোল বাদনৰ আখৰা সফল সামৰণি

কমাৰগাঁৱত আছুৰ বিহু আৰু ঢোল বাদনৰ আখৰা সফল সামৰণি

সাতদিনীয়া কৰ্মশালাৰ জৰিয়তে নৱপ্ৰজন্মক কৃষ্টি-সংস্কৃতিৰ সৈতে জড়িত কৰাৰ প্ৰচেষ্টা

প্ৰতিবেদক, কমাৰগাঁও, ৩০ মাৰ্চ:
সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক কাৰ্যসূচীৰ অংশ হিচাপে কমাৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত সাতদিনীয়া বিহু নৃত্য আৰু ঢোল বাদনৰ আখৰাৰ ২৯ মাৰ্চত সফল সামৰণি পৰে।

এই উপলক্ষে কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত বৰ্ষাবিঘ্নিত বতৰৰ মাজতো এক গাম্ভীৰ্যপূৰ্ণ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানখনত কমাৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সুদীপ্ত নয়ণ মধুকল্যই সভা পৰিচালনা কৰে।

অনুষ্ঠানত মুখ্য প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰা বিশিষ্ট ঢোলীয়া শিল্পী অসীম বৰা আৰু নৃত্য প্ৰশিক্ষিকা নিৰ্জুমা কাকতিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সন্মান জনোৱা হয়। লগতে কৰ্মশালাত সহকাৰী প্ৰশিক্ষক হিচাপে অৱদান আগবঢ়োৱা মণজিৎ ৰাজবংশী, সদানন্দ সোণোৱাল, মইনা সোণোৱাল, দীপাংকৰ গগৈ, ৰাজ্যবৰ্দ্ধনৰ বৰুৱা আৰু নৃত্য সহযোগী হিচাপে অংশগ্ৰহণ কৰা পূজা গগৈ, অনন্যা শইকীয়া, ৰিয়াক্ষী হাজৰিকাকো সম্বৰ্ধনা জনোৱা হয়।

সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক চিৰঞ্জীৱ বৰা, বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মনোজ শইকীয়া, বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক লাচিত কাকতি, কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ইন্দ্ৰজিৎ ফুকন, কমাৰগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক সঞ্জয় আচাৰ্য, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহেশ্বৰ ৰবিদাস, বিজ্ঞান শিক্ষক মুকুন্দ বৰগোহাঁই, প্ৰধান শিক্ষক প্ৰহ্লাদ দাস আদি।

উল্লেখযোগ্য যে, কমাৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ এনে সাংস্কৃতিক উদ্যোগে নৱপ্ৰজন্মক অসমৰ সমৃদ্ধ কৃষ্টি-সংস্কৃতিৰ সৈতে ওচৰ কৰোৱাৰ লগতে বিহু নৃত্য আৰু ঢোল বাদনৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

Post a Comment

Previous Post Next Post