নুমলীগড় শোধনাগাৰৰ সৈতে এজিচিএলৰ বুজাবুজিৰ চুক্তি
ছিপাঝাৰ জিএছএছত ৩৩ কেভি এনআৰএল বে’ নিৰ্মাণে শক্তি যোগান অধিক নিৰ্ভৰযোগ্য হ’ব
প্ৰতিবেদক, নুমলীগড়,২৪ মাৰ্চ:অসমৰ নুমলীগড় শোধনাগাৰ লিমিটেড (এন আৰ এল) আৰু অসম বিদ্যুৎ গ্ৰীড কৰ্প’ৰেশ্যন লিমিটেড (এ ই জি চি এল)ৰ মাজত এখন গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। এই চুক্তিৰ জৰিয়তে ১৩২ কেভি ছিপাঝাৰ জিএছএছত ৩৩ কেভি এনআৰএল বে’ নিৰ্মাণৰ পথ মুকলি হ’ল। উক্ত আন্তঃগাঁথনিৰ জৰিয়তে পাৰাদীপ–নুমলীগড় খাৰুৱা তেল পাইপলাইন (পিএনচিপিএল) প্ৰকল্পৰ অধীনত দৰঙ জিলাৰ পাটগিৰিচুবাত অৱস্থিত এনআৰএলৰ মধ্যৱৰ্তী পিগিং-কাম-পাম্পিং ষ্টেচন নং ৩ (আইপিপিএছ-৩)লৈ এক নিৰ্ভৰযোগ্য বিদ্যুৎ যোগান নিশ্চিত কৰা হ’ব।
ইয়াৰ ফলত শক্তিৰ সংযোগ ব্যৱস্থা অধিক শক্তিশালী হোৱাৰ লগতে সামগ্ৰিক কাৰ্য্যক্ষমতাও বৃদ্ধি পাব বুলি আশা কৰা হৈছে।
চুক্তিখনত এন আৰ এলৰ হৈ চি জি এম তথা প্ৰজেক্ট পাইপলাইন বিভাগৰ মুৰব্বী প্ৰণৱ জ্যোতি শৰ্মা আৰু এ ই জি চি এলৰ হৈ বিজুলী ভৱনত অৰূপ কলিতা ডাঙৰীয়াই স্বাক্ষৰ কৰে। উল্লেখযোগ্য যে, এই প্ৰকল্পই অঞ্চলটোৰ শক্তি আন্তঃগাঁথনি উন্নত কৰাৰ লগতে উদ্যোগিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি সংশ্লিষ্ট মহলে মত প্ৰকাশ কৰিছে।
Post a Comment